Local, Vocal, Global

Suspected poacher shot dead during gunfight in Kaziranga National Park : কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত প্রচণ্ড গুলীয়াগুলী;নিহত চোৰাং চিকাৰী

নিউজ ডেস্ক,১১মে’ : কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত প্রচণ্ড গুলীয়াগুলী ।

বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত সংঘটিত হয় গুলীয়াগুলী । অগৰাতলিৰ এৰাসুঁতি বন শিবিৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।

বনৰক্ষীৰ গুলীত এটা চোৰাং চিকাৰীৰ মৃত্য়ু । নিহত চোৰাং চিকাৰীটোৰ পৰা এটা ৩.৩ ৰাইফলৰ লগতে তিনিজাঁই সজীৱ গুলী আৰু দুজাঁই খালী কাৰ্টীজ জব্দ কৰে।
ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত নিহত চিকাৰীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে(Suspected poacher shot dead during gunfight in Kaziranga National Park)।

এইপৰ্যন্ত উদ্যান কৰ্তৃপক্ষই সদৰী কৰা নাই কোনো তথ্য ।

লগতে পঢ়ক :Tragic Accidents in Tamarhat : ডাম্পাৰৰ খুন্দাত নিহত বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাঃ সম্পাদক