Assam HS Results 2024 : জামুগুৰিহাটৰ নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বৃহৎ সাফল্য

জামুগুৰিহাট, ৯মে’ : জামুগুৰিহাটৰ নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ বৃহৎ সাফল্য । প্ৰথম বেটছতে ১০০% উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াইছে বিদ্যালয়খনে ।
জামুগুৰিহাটৰ নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি এশ শতাংশ উত্তীৰ্ণৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ বিদ্যালয় খনিৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৬০ গৰাকীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷
২০২২ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ পৰা এইবাৰ কলা শাখাত ৩৪ গৰাকী,বিজ্ঞান শাখাৰ ১০ গৰাকী আৰু বাণিজ্য শাখাৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল উচ্চতৰ চূড়ান্ত পৰীক্ষাত। বিদ্যালয় খনিৰ পৰা পৰীক্ষাত অৱতীৰ্ণ আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হেৱাত এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হৈছে নদুৱাৰ চিনিয়ৰ চেকেণ্ডাৰী স্কুল তথা নদুৱাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় খনত৷ বিশেষকৈ আজি ফলাফল ঘোষনাৰ পিছতে বিদ্যালয় খনিৰ শিক্ষক শিক্ষয়িত্ৰী সকলে তীব্ৰ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ছাত্ৰছাত্ৰী সকলৰ মুখতো বিৰিঙি উঠে সফলতাৰ হাঁহি(Assam HS Results 2024) ৷
লগতে পঢ়ক : Assam HS Results 2024 : ইতিহাস হ’ল শীৰ্ষ ১০ টা স্থান লাভৰ ধাৰা! ৩৭ বছৰৰ পাছত ঐতিহাসিক সিদ্ধান্ত শিক্ষা সংসদৰ