Kedarnath Dham Set To Reopen For Devotees On May 10 : কাইলৈৰ পৰা ভক্তই দৰ্শন কৰিব পাৰিব কেদাৰনাথ মন্দিৰ
নিউজ ডেস্ক,৯মে’ : কাইলৈৰ পৰা ভক্তই দৰ্শন কৰিব পাৰিব কেদাৰনাথ মন্দিৰ। ১০মে’ ৰ পুৱা ৭বজাৰ পৰা বাবা কেদাৰৰ দুৱাৰ খোল খাব(Kedarnath Temple doors opening on Friday) ।
হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰস্থান হিচাপে পৰিচিত কেদাৰনাথৰ দুৱাৰ ১০ মে’ৰ পুৱা ৭ বজাত মুকলি হ’ব। উল্লেখযোগ্য যে শীতকালত উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰৰ দুৱাৰ বন্ধ থাকে।৬ মাহ বন্ধ হৈ থকা দেবাদিদেৱ মহাপ্ৰভু শিৱৰ ধাম কেদাৰনাথৰ দুৱাৰ ভক্তৰ বাবে খোল খাব। মাত্ৰ ৬ মাহৰ বাবে খোলা থকা এই মন্দিৰত পুনৰ থাক খাই পৰিব দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত-দৰ্শণাৰ্থী। ইতিমধ্যে উত্তৰাখণ্ড চৰকাৰে সম্পূৰ্ণ কৰি তুলিছে সকলো ব্যৱস্থা। শুকুৰবাৰে পুৱা ৭ বজাত মাংগলিক পৰ্বৰ মাজেৰে আগন্তুক দেৱালী পর্যন্ত খোলা থাকিব কেদাৰনাথ ধাম। ইফালে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকলেও অতি আগ্ৰহেৰে এই দিনটোলৈ অপেক্ষা কৰি আছে ।
১০ মে’ অৰ্থাৎ কাইলৈৰ বাবে একপ্ৰকাৰ সাজু সকলো। উত্তৰাখণ্ডৰ হৰিদ্বাৰ ষ্টেচন, দেৰাডুন বিমানবন্দৰত থাহ খাই পৰিব পৰ্যটক। ইতিমধ্যে চোনপ্ৰয়াগ, গৌৰীকুণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে হোটেল কৰ্তৃপক্ষও হৈ উঠিছে সাজু। সাজু হৈছে হেলিকপ্টাৰ সেৱাও। অহা ৬ মাহলৈ কেদাৰনাথ ধামলৈ গমন কৰিব বহু তীৰ্থযাত্ৰী(Kedarnath Dham Set To Reopen For Devotees On May 10)।