Local, Vocal, Global

High Uric Acid Diet : শৰীৰত ইউৰিক এচিড বেছি হৈছে নেকি ? আজিৰে পৰাই খোৱা আৰম্ভ কৰক এইকেইবিধ ফল

ইউৰিক এচিড সকলোৰে দেহতে থাকে ৷ ভুল খাদ্যাভ্যাস তথা জীৱনশৈলীৰ বাবে বহুলোক ইউৰিক এচিডৰ দৰে বিপদজনক ৰোগৰ চিকাৰ হয়। যদি শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি হয়, তেন্তে ই বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। ইউৰিক এচিডৰ এটা মূল কাৰণ হৈছে Oxidative Stress, যাৰ বাবে ইউৰিক এচিড বৃদ্ধি হয় ৷ কোষৰ ক্ষয় ক্ষতিৰ উপৰিও আন বিভিন্ন কাৰণত ইউৰিক এচিড বৃদ্ধি পায় ৷ প্ৰচুৰ পৰিমাণে পিউৰিন যুক্ত খাদ্য গ্ৰহণ কৰিলেও ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে ৷শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাৰ বাবে ফুলা, বিষ, গাঁঠিৰ সমস্যা, বৃক্কত পাথৰ আদি বিভিন্ন সমস্যাৰ সৃষ্টি হয়(High Uric Acid Diet) ৷

ইউৰিক এচিডত আক্ৰান্তসকলে ঔষধ গ্ৰহণ কৰি ইয়াক নিয়ন্ত্ৰণত ৰাখে। কিন্তু ঔষধৰ সলনি আপুনি মাত্ৰ ৫ বিধ ফল গ্ৰহণ কৰিয়েই ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিব পাৰে।এই ফলকেইবিধ হৈছে(Fruits for Uric Acid patients)-

আভাকাডো

ইউৰিক এচিডৰ সৈতে যুঁজি থকা ৰোগীসকলৰ বাবে আভাকাডো অত্যন্ত উপকাৰী।ইয়াত স্বাস্থ্যকৰ চৰ্বি, এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন-ই ৰ দৰে বহুতো পুষ্টি থাকে।তদুপৰি, আভাকাডোত প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে যি গাউট ফ্লেয়াৰৰ পৰা সুৰক্ষা দিয়ে।

চেৰী

চেৰী স্বাস্থ্যৰ বাবে খুবেই উপকাৰী। ইয়াত এন্থোচাইনিন নামৰ এবিধ ৰঞ্জক থাকে, যি হৈছে এক শক্তিশালী এণ্টিঅক্সিডেণ্ট। ই শৰীৰৰ প্ৰদাহ হ্ৰাস কৰে আৰু ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰে।

কমলা

ইউৰিক এচিড নিয়ন্ত্ৰণৰ বাবেও কমলা খোৱাটোও যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়।কমলা খাই গাউট আক্ৰমণৰ আশংকা হ্ৰাস কৰিব পাৰে। ইয়াত ভিটামিন-চি যথেষ্ট পৰিমাণে পোৱা যায়। সেয়েহে ইয়াক বৃক্ক আৰু শৰীৰৰ বহুতো অঙ্গৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়।

ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰী ভিটামিন-চি-ৰ এক অতি ভাল উৎস। ইয়াত পোৱা পুষ্টিবোৰে ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰে আৰু ই বৃক্কক স্বাস্থ্যৱান কৰি তোলে।

আনাৰস

আনাৰসত ভিটামিন-চি, খনিজ পদাৰ্থৰ দৰে পুষ্টি থাকে। যাক ইউৰিক এচিডৰ স্তৰ হ্ৰাস কৰাত সহায়ক বুলি গণ্য কৰা হয়। ই বৃক্ক স্বাস্থ্যৱান ৰখাত সহায় কৰে। আনাৰসৰ ৰস ইউৰিক এচিড ৰোগীসকলৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়।