আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মেলেং বচা পথাৰৰ ইমন গগৈ
টিয়ক,৮মে’ : আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল মেলেং বচা পথাৰৰ ইমন গগৈ । জু-জিৎসু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বঞ্জৰ পদক অৰ্জন অসম কন্যাৰ ।
অসম ৰাজ্যিক আৰু আন্ত ৰাষ্ট্ৰীয় পৰ্যায়ত জু-জিৎসু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুয়োটা পৰ্যায়তে প্ৰথম স্থান অধিকাৰ কৰি বঞ্জৰ পদক বুটলি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইমন গগৈয়ে। যোৱা ১-৫ মে’ত আবু ধাবিত অনুষ্ঠিত হোৱা অষ্টম এছিয়ান জু-জিৎসু আৰু যুৱ এছিয়ান জু-জিৎসু প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইমন গগৈয়ে যোৱা ২০১৮ বৰ্ষৰ ১৩ মে’ত জাপানৰ আকিমাওত অনুষ্ঠিত হোৱা ১৭ সংখ্যক এছিয়ান কেডেট জুনিয়ৰ আৰু ২১ বছৰ অনুৰ্ধ্ব কাৰাটে প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছিল।
বিগত ২০১৮ চনৰ ২৯ নবেম্বৰৰ পৰা ২ডিচেম্বৰলৈ দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হোৱা কমনৱেল্থ কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি ক্ৰীড়া শৈলীৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছিল।
২০২১ বৰ্ষতো অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন আৰু ২০২২ চনত বাঙ্গালুৰুৰ জৈন বিশ্ববিদ্যালয়ত অনুস্থিত খেল’ ইন্ডিয়া ইউনিভাৰ্ছিটি গেমছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ অংশগ্ৰহণ কৰি দ্বিতীয় স্থানপ্ৰাপ্তিৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
যোৰহাট জিলাৰ ইতিহাসপ্ৰসিদ্ধ হাতীগড় মৌজাৰ বছাপথাৰ বৰগুৰি গাঁও ঢোলৰ যাদুকৰ, গণশিল্পী মঘাই ওজা বাসস্থান)হাতীগড় আঞ্চলিক শাখাৰ অন্তৰ্গত ৩১ নং বছাপথাৰ বৰগুৰিৰ পিতৃ কৃষ্ণ গোপাল গগৈ আৰু মাতৃ কৰবী বৰুৱা গগৈৰ বৰজীয়ৰী ইমন গগৈয়ে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত স্টাৰ মাৰ্ক সহ প্ৰথম স্থান অধিকাৰ কৰি বৰ্তমান যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতক ষষ্ঠ ষান্নান্ষিকত অধ্যয়নৰত।