Local, Vocal, Global

Fire engulfs three shops : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি

নেশ্যনেল ডেস্ক,৮মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত লক্ষাধিক টকাৰ সম্পত্তি(Fire engulfs three shops) ।

মধ্যপ্ৰদেশৰ মাণ্ডালাত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

জানিব পৰা মতে, এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুই বিয়পি পৰে আৰু তিনিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানক জুয়ে আগুৰি ধৰে । ফত নিমিষতে ভস্মীভূত হয় ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন । ক্ষতি হয় লক্ষাধিক টকাৰ সম্পত্তিৰ(Fire engulfs three shops in Madhya Pradesh’s Mandla)।

মহকুমা আৰক্ষী নেহা পাচিছিয়াই জনোৱা মতে,এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে ।

বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ ।

লগতে পঢ়ক : 7 Dead As Wall Collapses After Heavy Rain In Hyderabad : তেলেংগানাত বৰষুণ বিধ্বংসী ৰূপ; মৃত্যু ১৪জন