7 Dead As Wall Collapses After Heavy Rain In Hyderabad : তেলেংগানাত বৰষুণ বিধ্বংসী ৰূপ; মৃত্যু ১৪জনৰ

নেশ্যনেল ডেস্ক,৮মে’ : তেলেংগানাত বৰষুণ বিধ্বংসী ৰূপ । ধুমুহা-বতাহৰ লগতে বৰষুণৰ ফলত হায়দৰাবাদৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতিসাধন ৷
মঙলবাৰে হায়দৰাবাদৰ অহা ধাৰাষাৰ বৰষুণৰ ফলত বাচুপল্লী অঞ্চলৰ ৰেনুকা এলাম্মা কলনীত এখন দেৱাল খহি পৰে । ফলত ৭ জন লোক মৃত্যু মুখত পৰে ।এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়(Child among 7 killed as wall collapses amid heavy rainfall)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীক উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।উদ্ধাৰ অভিযান মঙলবাৰে নিশাৰ পৰা বুধবাৰে পুৱালৈকে অব্যাহত আছে ৷
ইফালে উদ্ধাৰ কৰ্মীয়ে জনোৱা অনুসৰি , ধ্বংসাৱশেষৰ পৰা ৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মহানগৰীৰ গান্ধী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। একে সময়তে নিহত লোককেইজন ওড়িশা আৰু ছত্তীশগড়ৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে(7 Dead As Wall Collapses After Heavy Rain In Hyderabad)।
আৰক্ষীয়ে জনোৱা মতে, নিহত কেইজনৰ ভিতৰত আছে তিৰুপতী ৰাও মাজী (২০), শংকৰ (২২), ৰাজু (২৫), খুশী, ৰাম যাদৱ (৩৪), গীতা (৩২) আৰু হিমাংশু (১৪)। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে,উক্ত ঘটনাৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন স্থানত অন্য ৭ জনকৈ লোকৰ মৃত্যু হয় ৷
উল্লেখ্য যে, হায়দৰাবাদ আৰু ইয়াৰ উপকণ্ঠৰ অঞ্চলসমূহত বৰষুণৰ ফলত যান-বাহনৰ যাতায়াত প্ৰায় অচল হৈ পৰিছিল । এই বৰষুণৰ ফলত কেইটামান অঞ্চলৰ পথসমূহত কৃত্ৰিম বানৰো সৃষ্টি হৈছিল ৷ প্ৰচণ্ড ধুমুহাৰ ফলত বহু ঠাইত গছ-গছনি উভালি পৰাত যান-বাহনৰ যাতায়াত অচল হৈ পৰে ।
লগতে পঢ়ক : Lok Sabha Election 2024 Phase 3 : তৃতীয় তথা অন্তিম পৰ্যায়ত অসমত অভিলেখ সংখ্যক ভোটদান