Swine flu outbreak in Assam : কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যু ৪ মহীয়া শিশুৰ

নিউজ ডেস্ক,৮মে’ : কাছাৰত ছোৱাইন ফ্লুত আক্রান্ত হৈ মৃত্যু ৪ মহীয়া শিশুৰ । মঙলবাৰে নিশা SMCH ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিশুটিৰ । মৃত শিশুটিৰ নাম আৰমান হুছেইন লস্কৰ। ১২ এপ্রিলত SMCHত ভৰ্তি কৰোৱা হৈছিল শিশুটিক।নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু শিশুটিৰ(Swine flu outbreak in Assam)।
জানিব পৰা মতে, বৰ্তমানেও ছোৱাইন ফ্ৰুত আক্ৰান্ত হৈ SMCH চিকিৎসাধীন হৈ আছে এজন ।ইফালে ছোৱাইন ফ্ৰুত আক্ৰান্ত হৈ এতিয়ালৈকে বৰাকত মৃত্য়ু হৈছে দুটি শিশুৰ। আনহাতে দুদিন পূৰ্বে হাইলাকান্দিত ছোৱাইন ফ্ৰুত আক্ৰান্ত হৈ মৃত্যু হৈছিল ডেৰ বছৰীয়া শিশুৰ ।
লগতে পঢ়ক : Guwahati-North Guwahati ferry services suspended : তৃতীয় দিনাও বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা