Local, Vocal, Global

Side Effects of consuming Coffee : কফি খোৱাৰ ফলত ৰক্তচাপ বৃদ্ধিকে ধৰি বিভিন্ন সমস্যাই দেখা দিব পাৰে !

আপোনাৰ বাৰু ৰাতিপুৱা শুই উঠি কফি খোৱাৰ অভ্যাস আছে নেকি ?বহুতৰে ৰুটিনত কফি বাধ্যতামূলক।বহু লোকে দিনটোৰ আৰম্ভণি একাপ সুন্দৰ কফিৰে সৈতে কৰা দেখা যায়। কিন্তু অত্যাধিক কফি খালে আমাৰ স্বাস্থ্যৰ বাবে ই হ’ব পাৰে ক্ষতিকাৰক।আমাৰ দৈনন্দিত জীৱনত ইয়াৰ বিপৰীত প্ৰভাৱো আছে। কফিত থকা কেফেইনে শৰীৰত একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে(Side Effects of consuming Coffee)।

আমাৰ বহুতৰে ৰাতিপুৱা শোৱাৰ পৰা উঠি কফি খোৱাৰ অভ্যাস আছে। কফিপ্ৰেমীসকলৰ মতে, কফিয়ে আলসতা দূৰ কৰি শৰীৰটোক সক্ৰিয় কৰি ৰাখে।কিন্তু আপুনি জানেনে অত্যাধিক কফি খোৱাটো স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক ? ৬ কাপতকৈ অধিক কফি খালে হৃদযন্ত্ৰৰ ষ্ট্ৰ’ক, উচ্চ ৰক্তচাপ আৰু আন বহু ৰোগৰো আশংকা বৃদ্ধি হয়।

টোপনিৰ অভাৱ

যদি আপুনি অত্য়াধিক মাত্ৰত কফি খাই তেন্তে আপোনাৰ টোপনিৰ অভাৱ হ’ব পাৰে । অত্যাধিক পৰিমাণৰ কেফেইন সেৱনে নিশা টোপনি অহাত বাধা দিয়ে, যিয়ে বিভিন্ন ৰোগ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে।

পেটৰ সমস্যা

কফিৱে আমাৰ শৰীৰৰ বিভিন্ন অংশ প্ৰভাৱিত কৰে। কফি খালে শৰীৰৰ পৰা গেষ্ট্ৰিয়েন হৰমন মুকলি হয়, যি মলাশয়ৰ কাৰ্যকলাপ বৃদ্ধি কৰাৰ কাম কৰে। যদি আপুনি অত্যাধিক কফি খায়, তেন্তে আপোনাৰ পেটৰ সমস্যা

ৰক্তচাপ বৃদ্ধি

অত্যাধিক কফি খালে ৰক্তচাপো বৃদ্ধি হয়। উচ্চ ৰক্তচাপৰ ফলত ৰোগীৰ কোষ ক্ষতি হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ হ্ৰাস হ’ব পাৰে। ই ষ্ট্ৰ’ক আৰু হৃদ আক্ৰমণৰ আশংকাও বৃদ্ধি কৰে। যদি আপুনি উচ্চ ৰক্তচাপৰ ৰোগী, তেনেহ’লে কেফি খোৱা বাদেই দিব।

ভাগৰ

কফি খালে কিছু সময়ৰ বাবে শৰীৰে শক্তি পাই ঠিকেই, কিন্তু অত্যাধিক পৰিমাণৰ কেফেইনে শৰীৰত অলসতা বৃদ্ধি কৰে। কিছুমান অধ্যয়নত পোৱা গৈছে যে অত্যাধিক পৰিমাণৰ কেফেইনৰ বাবে শৰীৰে অধিক ভাগৰুৱা হৈ পৰে।