Local, Vocal, Global

Theft in Juria : জুৰীয়াৰ উদমাৰিত পুনৰ চুৰিকাণ্ড!

জুৰীয়া,৬মে’ : জুৰীয়াৰ উদমাৰিত পুনৰ চুৰিকাণ্ড! বেবেজীয়াস্থিত বন্ধন বেংকত চোৰৰ উপদ্ৰৱ ।

আৰক্ষীক চেলেঞ্জ দি জুৰীয়াত অব্যাহত আছে চোৰৰ দৌৰাত্ম্য। জুৰীয়াৰ উদমাৰিত সঘনাই সংঘটিত চুৰিকাণ্ডৰ বিৰুদ্ধে আৰু চোৰক ৰক্ষণাবেক্ষণ দিয়া দালালৰ বিৰুদ্ধে শিক্ষক সমাজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতেই পুনৰ জুৰীয়াৰ উদমাৰিত সংঘটিত হয় চুৰিকাণ্ড(Theft in Juria)।

উল্লেখ্য যে জুৰীয়াৰ উদমাৰিত নিতৌ ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। এইবাৰ দেওবৰীয়া বন্ধৰ সুযোগ লৈ জুৰীয়া তেলীয়া বেবেজীয়াস্থিত বন্ধন বেংকৰ পিছ ফালৰ দুৱাৰ ভাঙি চোৰে চলালে চাফাই অভিযান। লৈ গ’ল CCTV কেমেৰাৰ ডিভিয়াৰ আৰু মণিটৰ। চোৰে ল’কাৰ উঠাই লৈ যোৱাৰ চেষ্টা চলাই যদিও ব্যৰ্থ হৈ বেংকৰ পিছফালে ল’কাৰ পেলাই থৈ যায় চোৰে। ঘটনা সন্দৰ্ভত জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল বন্ধন বেংকৰ বিষয়াৰ।

লগতে পঢ়ক : Land Mafia in Hatsingimari : হাটশিঙিমাৰীত ভূ-মাফিয়াৰ দপদপনি;নিৰীহ লোকৰ ভূমি বলপূৰ্বকভাৱে দখলৰ চেষ্টা চলোৱাৰ অভিযোগ