Major fire breaks out in Narela factory in Delhi : দিল্লীৰ নাৰেলাত ভয়ংকৰ অগ্নিকাণ্ড; জুয়ে আগুৰি ধৰে ৩টাকৈ মহলা

নেশ্যনেল ডেস্ক,৬মে’ : দিল্লীৰ নাৰেলাত ভয়ংকৰ অগ্নিকাণ্ড। সোমবাৰে সংঘটিত এই ভয়ংকৰ ঘটনাটো(Major fire breaks out in Narela factory in Delhi) ।
জানিব পৰা মতে, সোমবাৰে দিল্লীৰ নাৰেলাৰ এটা প্লাষ্টিকৰ কাৰখানাত জুইৰ সূত্ৰপাত হয় আৰু জুই ইমানে ভয়ংকৰ হয় যে নিমিষতে জুয়ে আগুৰি ধৰে কাৰখানাটোৰ ৩টাকৈ মহলা।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে । আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাই(Fire breaks out at plastic factory in Delhi’s Narela) ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।