Local, Vocal, Global

Manas National Park to remain closed from June 5 :২০ মে’ৰ পৰা বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং

নিউজ ডেস্ক,৬মে’ : অহা ২০ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব বিশ্ব ঐতিহ্যক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং । উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বুলি প্রকাশ কৰে(Manas National Park to remain closed from June 5) ।

জানিব পৰা মতে, পৰিৱেশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ১৫ মে’ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰাৰ কথা উল্লেখ কৰিছে। পুনৰ জাননী নিদিয়া পর্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশ দ্বাৰ পৰ্যটকৰ বাবে বন্ধ থাকিব বুলিও উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে।

লগতে পঢ়ক : drugs and peddler arrests in Barpeta : বৰপেটাত ড্ৰাগছসহ সৰবৰাহকাৰী