Tragic Road Accident : তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে স্কুলীয়া ছাত্ৰক;নিহত এজন ছাত্ৰ,আহত দুজন
নিউজ ডেস্ক,৬মে ‘ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।
এইবাৰ ৰূপহীহাটত ডাম্পাৰৰ দৌৰাত্ম্য । তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে স্কুলীয়া ছাত্ৰক। ফলত থিতাতে নিহত হয় স্কুলীয়া ছাত্ৰ ।
ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। সোমাবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে,সোমবাৰে ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিয়ে ৩গৰাকী স্কুলীয়া ছাত্ৰক।ফলত থিতাতে নিহত হয় মামুদ জামান নামৰ এজন স্কুলীয়া ছাত্ৰ। গুৰুতৰভাৱে আহত আন দুজন ছাত্ৰ । আহত ছাত্ৰ দুজন ইক্রামূল হক, ইফতিকাৰ আহমেদ বুলি জানিব পৰা গৈছে। আহত ছাত্ৰ এজনৰ এখন ভৰি আৰু হাত ছিঙি যায়। দুৰ্ঘটনাত পতিত তিনিও ৰূপহী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। আহত দুই ছাত্ৰক নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি।
লগতে পঢ়ক : Lok Sabha Elections 2024 Phase 3: কাইলৈ পুৱা ৭ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ