Local, Vocal, Global

Huge cash stash recovered from Jharkhand minister aide’s home : নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত উদ্ধাৰ টকাৰ পাহাৰ

নেশ্যনেল ডেস্ক, ৬মে’ : লোকসভাৰ নিৰ্বাচন ধামখুমীয়াৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ ভৃত্যৰ ঘৰত টকাৰ পাহাৰ। উদ্ধাৰ ২৫কোটিৰো অধিক টকা । (Huge cash stash recovered from Jharkhand minister aide’s home)।

জানিব পৰা মতে, ঝাৰখণ্ডৰ ৰাজধানী চহৰ ৰাঁচীত ইডিয়ে অভিযান চলাই। অভিযানত ইডিয়ে জব্দ কৰে প্ৰায় ২৫ কোটি টকা । ঝাৰখণ্ডৰ গ্ৰামোন্নয়ন মন্ত্ৰী আলমগীৰ আলমৰ ব্যক্তিগত সচিবৰ ভৃত্যৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ধনখিনি।

উল্লেখ্য যে , সোমবাৰে পুৱা ইডিয়ে ৰাঁচীৰ বহু স্থানত অভিযান চলায় । ইডিয়ে ৰাঁচীৰ ধুৰৱাৰ চেল চিটিকে ধৰি কেইবাটাও স্থানত অভিযান চলাই। অভিযান চলাই নিলম্বিত মুখ্য অভিযন্তা বীৰেন্দ্ৰ ৰামৰ সৈতে সম্পৰ্কিত এটা গোচৰত(25 Crore Cash Found In Help’s House In Raids Linked To Jharkhand Minister) ।

খবৰ অনুসৰি, সঞ্জীৱ লালৰ বাসগৃহতো অভিযান চলাইছে ইডিয়ে। প্ৰায় ১৬ গৰাকী ইডি বিষয়া এই অভিযানত জড়িত হৈ আছে । পুৱা ৫:৩০ বজাত, ইডিৰ দলটো সঞ্জীৱ লালৰ ঘৰত উপস্থিত হয় আৰু প্ৰাপ্ত তথ্যৰ ভিত্তিত তালাচী চলায় ।

উদ্ধাৰ হোৱা ধন গণনা কৰিবলৈ সাজু কৰি তোলা হৈছে কেইবাটাও মেচিন। ইডিৰ সূত্ৰৰ মতে উদ্ধাৰ হোৱা ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । গণনা বৰ্তমানো চলি আছে । প্ৰাপ্ত তথ্য অনুসৰি, জাহাংগীৰ আলমে ইডিৰ জেৰাত স্বীকাৰ কৰিছে যে এই ধন মন্ত্ৰীজনৰ পিএ সঞ্জীৱ লালৰ । ইতিমধ্যে ইডিয়ে গোচৰটোত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Massive fire breaks out at Lumding : বিধ্বংসী অগ্নিকাণ্ড ;অগ্নিকাণ্ডত ভস্মীভূত ৫ খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান