Local, Vocal, Global

Massive fire breaks out in factory : ফেক্টৰীত বিধ্বংসী অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,৬মে’ : বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ফেক্টৰী(Massive fire breaks out in factory) ।

উত্তৰপ্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

জানিব পৰা মতে,সোমবাৰে পুৱতি নিশা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ছাহিবাবাদ এলেকাৰ এটা ফেক্টৰীত জুইৰ সূত্ৰপাত হয়।ফলত নিমিষতে জুই বিয়পি পৰে ফেক্টৰীটোত । এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয়(Massive fire breaks out in factory at Sahibabad industry area in Ghaziabad) ।

আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ১৮ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰে জুই নিৰ্বাপণ চেষ্টা চলাই । ফলত ওৰেনিশা অব্যাহত থাকে বিস্ফোৰণৰ ভয়ানক শব্দ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত উদ্যোগটোত কৰ্মৰত অৱস্থাত আছিল ৭০০ গৰাকী শ্ৰমিক। সৌভাগ্যক্ৰমে ৰক্ষা পৰে শ্ৰমিকসকল।

লগতে পঢ়ক : Arms and weapons seized in manipur : হিংসা জৰ্জৰ মনিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী