Local, Vocal, Global

Arms and weapons seized in manipur : হিংসা জৰ্জৰ মনিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী

নিউজ ডেস্ক,৬মে’ : হিংসা জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । মণিপুৰৰ বিষ্ণুপুৰ আৰু কাংপকপি জিলাত বিগত ৪৮ ঘন্টা অভিযান চলাই নিৰাপত্তা বাহিনীয়ে । অভিযানত নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে(Arms and weapons seized in manipur)।

উদ্ধাৰ কৰে দুটা মেগজিন থকা ১টা কাৰ্বাইন, মেগজিন সহ ১টা 9 mm Pistol, ৪টা শক্তিশালী সজীৱ মৰ্টাৰ,৫০ ৰাউণ্ড সজীৱ গুলী, ৭৫০ গ্ৰাম ওজনৰ IEDৰ ৫ টা PEK ষ্টিক, ৬টা SLR টিউব লঞ্চাৰ,৭৫ টা ডিটনেটৰ সহ বুজন পৰিমাণৰ বিষ্ফোৰক আৰু আপত্তি জনক সামগ্ৰী।

আনহাতে, কাংপকপি জিলাৰ নখুজাং গাঁৱত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে মেগজিনৰ সৈতে ১টা কাৰ্বাইন মেচিনগান,মেগজিন সহ ২টা 9 mm পিষ্টল, ২টা হেণ্ড গ্ৰেনেড, ৫০০গ্ৰাম ওজনৰ‌ ১টা ‍IED আৰু ১৬ টা সজীৱ গুলী উদ্ধাৰ কৰে(Arms and weapons seized in manipur)।

লগতে পঢ়ক : All schools, colleges shut today and tomorrow : প্ৰতিকূল বতৰৰ বাবে দুদিনৰ বাবে বন্ধ সকলো বিদ্যালয়-মহাবিদ্যালয়