Tragic Accidents in jakhalabandha : ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন,আহত দুজন
নিউজ ডেস্ক,৬মে’ : ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । ফলত থিতাতে নিহত এজন,আহত মহিলাসহ দুজন ।
জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা এখন ৰন্ধন গেছৰ টেংকাৰ আৰু এখন মাৰতী আৰ্টিগা বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ। ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে মহিলাসহ আন দুজন গুৰুতৰভাৱে আহত হয়। মৃত্যু হোৱা লোকজনৰ নাম অভিজিৎ শইকীয়া বুলি জানিব পৰা গৈছে(Tragic Accidents in jakhalabandha)।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই ।
জানিব পৰা দুৰ্ঘটনাগ্ৰস্ত দুয়োখন বাহনৰ চালক বহু সময় ধৰি আবদ্ধ হৈ থাকে গাড়ীৰ আসনত। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ দুয়োজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসালয়ত আৰ্টিগা বাহনখনৰ চালকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। দুৰ্ঘটনাত পতিত মাৰুতি আৰ্টিগা বাহনখনৰ নম্বৰ AS 03AK 5253 আৰু টেংকাৰখনৰ নম্বৰ AS 25CC 9324।