Local, Vocal, Global

Former Delhi Congress chief Amrinder Singh Lovely joins BJP : বিজেপিত যোগদান দিল্লী প্রদেশ কংগ্রেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীৰ

নিউজ ডেস্ক,৪মে’ : বিজেপিত যোগদান দিল্লী প্রদেশ কংগ্রেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীৰ । আজি আনুষ্ঠানিকভাৱে যোগদান কৰে দিল্লী প্রদেশ কংগ্রেছৰ সভাপতি গৰাকীয়ে(Former Delhi Congress chief Amrinder Singh Lovely joins BJP) ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ মাজতে কেইটামান দিন পূৰ্বে পদত্যাগ কৰিছিল দিল্লী প্রদেশ কংগ্রেছৰ সভাপতি অৰবিন্দৰ সিং লাভলীয়ে। হাইকমাণ্ডৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পদত্য়াগ কৰিছিল অৰবিন্দৰ সিং লাভলীয়ে। কানহাইয়া কুমাৰ আৰু উদিত ৰাজক প্রাৰ্থিত্ব প্রদান কৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগ পত্র প্রেৰণ কৰিছিল মল্লিকাৰ্জুন খাৰ্গেলৈ(Arvinder Singh Lovely joins BJP days after resigning as Delhi Congress president)।

তাৰ পিছতে আজি বিজেপিত যোগদান কৰে অৰবিন্দৰ সিং লাভলীয়েই। অৰবিন্দৰ সিং লাভলীৰ লগত আজি আনুষ্ঠানিকভাৱে বিজেপিত চামিল যোগদান কৰে পূৰ্বৰ মন্ত্ৰী ৰাজ কুমাৰ চৌহান, পূৰ্বৰ মন্ত্ৰী নছিব সিং, নীৰজ বাসৌয়া আৰু অমিত সিং।

লগতে পঢ়ক : Banned cough syrups seized in Bajali : লোকসভা নিৰ্বাচনৰ মাজতে বজালী আৱকাৰী বিভাগ আৰু বজালী আৰক্ষীৰ অভিযান