Local, Vocal, Global

kiranmayi mahanta passed away : বিদুষী মহিলা তথা নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া কিৰণ্ময়ী মহন্তৰ দেহাৱসান

নিউজ ডেস্ক,৪মে’ : বিদুষী মহিলা তথা নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া কিৰণ্ময়ী মহন্তৰ দেহাৱসান। দেওবাৰে দিনৰ ১-০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিদুষী মহিলা তথা নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া গৰাকীয়ে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল প্ৰায় ৮৭ বছৰ(kiranmayi mahanta passed away)।

জানিব পৰা মতে, শাৰীৰিক অসুস্থতাৰ বাবে কিছু দিনৰ পৰা গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈছিল মহন্ত। চিকিৎসাধীন অৱস্থাতে দেওবাৰে বিদুষী মহিলাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে নবীনা সংঘৰ প্ৰাক্তন বিষয়ববীয়া তথা গুৱাহাটীৰ নবীন নগৰৰ নামঘৰকে ধৰি একাধিক অনুষ্ঠানেৰে জড়িত আছিল কিৰণ্ময়ী মহন্ত। ২০২৩ বৰ্ষৰ শেষৰ ফালে এক দীঘলীয়া সময় ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈ আছিল যদিও জটিল অৱস্থাৰ পৰা মুক্ত হৈ তেওঁ কিছু সুস্থ হৈ উঠিছিল।এইগৰাকী বিদুষী মহিলাৰ ‘স্মৃতিৰ এষণা’ শীৰ্ষক এক গ্ৰন্থও যোৱা অক্টোবৰ মাহত হাস্পতালত চিকিৎসাধীন হৈ থকাৰ সময়তে উন্মোচন কৰে(kiranmayi mahanta passed away)।

মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, দুগৰাকী বোৱাৰী, দুগৰাকী কন্যা-জোঁৱাইকে ধৰি ভালেসংখ্যক আত্মীয় তথা গুণমুগ্ধক এৰি থৈ যায়।

লগতে পঢ়ক : Tragic Accidents in Kaliabor : ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৭বছৰীয়া ছাত্ৰী