Tragic Accidents in Kaliabor : ভয়ংকৰ পথ দুৰ্ঘটনা নিহত ৭বছৰীয়া ছাত্ৰী
কলিয়াবৰ,৪মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত ৭বছৰীয়া শিশু ।
কলিয়াবৰৰ হাটবৰ -বামুনী পথত শোকাৱহ পথ দুৰ্ঘটনা। শনিবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Accidents in Kaliabor) ।
জানিব পৰা মতে, এখন ইটা ভৰ্ত্তি বাহনে মহতিয়াই নিয়ে এগৰাকী ৭বছৰীয়া ছাত্ৰীক । বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।দুৰ্ঘটনাত নিহত ছাত্ৰী গৰাকী কলিয়াবৰ শিশু নিকেতনৰ ক্লাছ ১ ত অধ্যয়নৰত নিকিতা শইকীয়া বুলি জানিব পৰা গৈছে। ।
ইফালে এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিয়েই উজনিৰ দিশে বাহনখনে পলায়ন কৰে যদিও জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে ইটাভৰ্তি বলেৰ’ বাহনখন । জব্দকৃত বাহনখনৰ নম্বৰ AS-05-AC-5001।
বৰ্তমানলৈকে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰা নাই যদিও ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে(Tragic Accidents in Kaliabor)।
লগতে পঢ়ক : 3 Involved in Funding ULFA-I Held in Arunachal Pradesh : সোণাৰিত আটক আলফা (স্বাঃ)ৰ তিনিজন লিংকমেনক !