3 Involved in Funding ULFA-I Held in Arunachal Pradesh : সোণাৰিত আটক আলফা (স্বাঃ)ৰ তিনিজন লিংকমেনক !
সোণাৰি,৪মে’ : সোণাৰিত আটক আলফা (স্বাঃ)ৰ তিনিজন লিংকমেনক । আলফা স্বাধীনক অৰ্থ যোগান ধৰাৰ অভিযোগ আটক কৰে লোককেইজনক । আটকাধীন লোক কেইজন সোণাৰিৰ টিয়কঘাট আইদেউবাৰী বাগিচা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে সঞ্জয় দে’, সুজিত দে’ আৰু নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক বুলি জানিব পৰা গৈছে ।অৰুণাচলৰ কানুবাৰীৰ পৰা আছাম ৰাইফলছে তিনিওজনকে আটক কৰি সোণাৰি আৰক্ষীক চমজাই দিয়ে(3 Involved in Funding ULFA-I Held in Arunachal Pradesh)।
উল্লেখ্য যে, আলফা স্বাধীনে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ বিভিন্ন কোম্পানীৰ অধীনস্থ প্ৰায়সমূহ চাহ বাগিচাত বৃহৎ পৰিমাণৰ ধন দাবী কৰি অহাৰ তথ্য ৰাজহুৱা হৈছে । এই দাবী কৰা ধনসমূহ কিছু বিশেষ লিংকমেনৰ জৰিয়তে সংগ্ৰহ কৰি অহা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।
আলফা স্বাধীনৰ এই কাৰ্য বন্ধ কৰাৰ বাবে অসম আৰক্ষী তৎপৰ হোৱা পাচতে চৰাইদেউৰ সীমান্তৱৰ্তী কাণুবাৰীত এইদৰে তিনিটা লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে আছাম ৰাইফলছে ।