Local, Vocal, Global

Tragic Accidents in Nagaon : অচিনাক্ত বাহনৰ খুন্দাত নিহত যাত্ৰী; জানিব পৰা হোৱা নাই মৃতলোকজনৰ পৰিচয়

নগাওঁ,৪মে’ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন ।

নগাওঁ বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ভেটিয়নীত নতুন তেল ডিফুৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, এখন অচিনাক্ত টাটা ডি আই গাড়ীৰ খুন্দাত থিতাতে নিহত হয় টেম্পোত বহি অহা এজন যাত্ৰী ৷ AS02DC3941 নম্বৰৰ টেম্পোত আহিছিল যাত্ৰীজন ।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে টাটা মবাইল খনৰ লগতে টেম্পোখনৰ চালকজন(Tragic Accidents in Nagaon) ৷

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে বটদ্ৰৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে লগতে মৃত লোকজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱৰ অসামৰিক হস্পিতালৈ প্ৰেৰণ কৰে। বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃতলোকজনৰ পৰিচয় ।

লগতে পঢ়ক :Tragic Accidents in Kaliabor: বিয়া খাই ঘৰলৈ ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা,থিতাতে নিহত এজন