Local, Vocal, Global

Drugs seized in Karimganj : কৰিমগঞ্জত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী

কৰিমগঞ্জ, ৪মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ(Drugs seized in Karimganj)।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। এক্সপ্ৰেছ ব্ৰিজ কোৰিয়াৰ ছাৰ্ভিচৰ জড়িয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা। ড্ৰাগছসমূহ বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে। পেকেটৰ পৰা উদ্ধাৰ ৪টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক : Teenager dies after boat sinks : নাও ডুবি মৃত্যু কিশোৰৰ