Local, Vocal, Global

Sensational Murder In Dumduma : ডুমডুমাৰ এঠেঙিয়া পথৰ দাঁতিত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডুমডুমা,২মে’ : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। ৰাজ্যত পুনত হত্যাকাণ্ড।

এইবাৰ ডুমডুমাত লোমহৰ্ষক হত্যাকাণ্ড। ডুমডুমাত ২৭ বছৰীয়া যুৱকক নৃশংসভাৱে হত্যা দুৰ্বৃত্তৰ । দিন দুপৰতে হত্যাকাণ্ড দৰে ভয়ংকৰ ঘটনা সংঘটিত কৰিলে দুৰ্বৃত্তই ।

জানিব পৰা মতে,বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত যুৱকজনক ফোন কৰি মাতিছিল কোনো অচিনাক্ত লোকে। তাৰ ঠিক ৩ ঘণ্টাৰ পাছতে অৰ্থাত দিনৰ প্ৰায় ১১ বজাত ডুমডুমাৰ এঠেঙিয়া পথৰ দাঁতিত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ ।মৃত যুৱকজন জাবেদ খান বুলি জানিব পৰা গৈছে । জাবেদ খানৰ ঘৰ ডুমডুমাৰ ৰূপাই চাইডিং ধন নগৰত(Sensational Murder In Dumduma) ।

কোনো লোকে জাবেদক হত্যা কৰি উক্ত স্থানত পেলায় থৈ যোৱাৰ সন্দেহ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দিন দুপৰৰ ভাগতে সংঘটিত এই হত্যাকাণ্ডৰ ঘটনা সমগ্ৰ ডুমডুমাতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।

লগতে পঢ়ক : Land centric clash : চাঞ্চল্যকৰ হত্যাকাণ্ড; খালত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ