Local, Vocal, Global

Land centric clash : চাঞ্চল্যকৰ হত্যাকাণ্ড; খালত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

বিলাসীপাৰা,২ মে’ : দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাত । বিলাসীপাৰাত ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়াবহ পৰিণতি ।

বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। বিলাসীপাৰাৰ শগুনমাৰী ৪ৰ্থ খণ্ড গাঁৱত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে হত্যাকাণ্ডৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

বিলাসীপাৰাৰ শগুনমাৰী ৪ৰ্থ খণ্ড গাঁৱৰ এটা খালত উদ্ধাৰ এজন লোকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো আছুদ্দিন বুলি চিনাক্ত কৰা হৈছে(Land centric clash ) ।

অভিযোগ অনুসৰি, বিলাসীপাৰাৰ হামেদ আলী মাষ্টাৰ পক্ষৰ ১২ জনীয়া এটা দলে বুধবাৰে নিশা একেখন গাঁৱৰে আছুদ্দিন নামৰ লোকজনক অতি নৃশংসভাৱে হত্যা কৰি ওচৰৰে এটা খালত পেলায় দিয়ে।

বৃহস্পতিবাৰে পুৱা আছুদ্দিন মৃতদেহ খালত পৰি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি বিলাসীপাৰা আৰক্ষীক খবৰ দিয়ে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ হামেদ মাষ্টাৰ পক্ষৰ মতিয়াৰ ৰহমান আটক কৰে আৰু থানালৈ লৈ যায়।

এই ভয়ংকৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত হামেদ মাষ্টাৰ, নিশান আলী, জহিৰুদ্দিন, জহৰ আলী মাষ্টাৰ, আয়নাল হক, মনোৱাৰ হুছেইন, হানিফ আলী, জাকিৰ হুছেইন, মহিৰ উদ্দিন, আৰু আব্দুল ছালাম সম্প্ৰতি পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

লগতে পঢ়ক :Sensational Incident : মাজনিশা ঘৰৰ পৰা মাতি নি নৃশংসভাৱে হত্যা ৰাজমিস্ত্ৰীক