Local, Vocal, Global

District administration orders Educational institutions closed in Dima Hasao : প্ৰতিকূল বতৰৰ বাবেই ডিমা-হাচাওত জিলা প্ৰশাসনৰ নিৰ্দেশনা 

নিউজ ডেস্ক, ২মে’ : ৰুষ্ট প্ৰকৃতি, বিপৰ্যস্ত জনজীৱন ! প্ৰৱল বৃষ্টিপাতৰ ফলত ডিমা হাচাওত স্তব্ধ প্ৰায় জনজীৱন । প্ৰৱল বৃষ্টিপাতৰ ফলত পাহাৰীয়া জিলা ডিমা-হাচাওত অব্যাহত আছে ভূমিস্খলনৰ ঘটনা(Heavy Rainfall Triggers Severe Flooding in Dima Hasao)।

নেৰানেপেৰা বৰষুণ ফলত জিলাখনত কেইবাটও ঠাইত যথেষ্ট ক্ষতি হৈছে । যাৰ ফলত জিলাখনত বহুকেইটা অঞ্চলত বিস্তৰ ক্ষতি সাধন হৈছে। প্ৰকৃতিৰ এনে ৰূপত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন । শংকিত হৈ পৰিছে পাৰ্বত্য জিলাখনৰ বাসিন্দা।

প্ৰতিকূল বতৰৰ বাবেই বৃহস্পতিবাৰে জিলা প্ৰশাসন তথা জিলা দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি,বৃহস্পতিবাৰৰ পৰা পাৰ্বত্য জিলাখন সকলো শিক্ষানুষ্ঠান বন্ধ থকাৰ ঘোষণা কৰে। আনহাতে বিয়লি ৪-০০বজালৈকে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা অভিমুখে যোৱা পথছোৱাত যাতায়তৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ কথা জানিব পৰা গৈছে (District administration orders Educational institutions closed in Dima Hasao)।

লগতে পঢ়ক : Security Forces Apprehend 2 PREPAK (Pro) Cadres : হিংসা জৰ্জৰ মণিপুৰত গ্ৰেপ্তাৰ PREPAK সংগঠনৰ দুজন উগ্ৰপন্থী