Railway Police Seize Rs 50 Lakhs Worth of Burmese Areca Nuts at Lumding Junction : লামডিং ৰেলৱে জংচনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি
নিউজ ডেস্ক,২মে’ : পুনৰ লামডিং ৰেলৱে জংচনত আৰক্ষী আৰু GRPৰ অভিযান । অভিযানত লামডিং ৰেলৱে জংচন যাত্ৰীবাহী ৰেলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ।
তথ্য অনুসৰি, লামডিং আৰক্ষীয়ে নামনিমুৱা ১৫৯০৯ অবধ আসাম এস্কপ্ৰেছ ৰেলখনৰ এটি লিজৰ দবাৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰিখিন। প্ৰায় ৫০ লাখ টকাৰো অধিক মূল্যৰ ২৫০ বস্তা সন্দেহজনক বাৰ্মিজ ছুপাৰি জব্দ কৰে আৰক্ষীয়ে । দবাটোৰ পৰা ১০০ কুইন্টলৰো অধিক চুপাৰি জব্দ কৰিছে লামডিং থানাৰ আৰক্ষী আৰু GRP য়ে(Railway Police Seize Rs 50 Lakhs Worth of Burmese Areca Nuts at Lumding Junction)।
অভিযোগ অনুসৰি, ডিমাপুৰৰ পৰা প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও বাৰ্মিজ চুপাৰি সৰবৰাহ হৈ আছে। ডিমাপুৰৰ পৰা ভাৰতীয় ৰেলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে বাৰ্মিজ চুপাৰিৰ কলা ব্যৱসায় চলি থকা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে ৷
লগতে পঢ়ক : Tragic Accident in Jamugurihat : ট্ৰাকৰ খুন্দাত নিহত বাইক আৰোহী