Local, Vocal, Global

Three-Year-Old Girl Drowns in Jiri River in Cachar : নৈত পৰি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,২ মে’ : নৈত পৰি ৩ বছৰীয়া শিশুৰ কৰুণ মৃত্যু ।

কাছাৰৰ লক্ষীপুৰ দিঘলীত সংঘটিত হৈছে এক কৰুণ ঘটনাৰ । দীঘলী গাঁৱত জিৰি নৈত পৰি মৃত্যু ৩ বছৰীয়া শিশুৰ ।মৃত শিশু কন্যাটিৰ নাম ৰিতিকা শুক্লবৈদ্য ।

জানিব পৰা মতে, ৰাজু শুক্লবৈদ্যৰ তিনি বছৰীয়া কন্যাই ঘৰৰ কাষতে থকা জিৰি নৈৰ পাৰত খেলি আছিল আৰু হঠাৎ ভৰি পিছলি নৈত পৰি যায় । স্থানীয় লোকসকলে উদ্ধাৰ চেষ্টা চলাই যদিও বিফল হয় । খবৰ পাই ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে(Three-Year-Old Girl Drowns in Jiri River in Cachar) ।

SDRF ৰ কেইবাঘণ্টা অভিযানৰ পাচত ঘটনাস্থলীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত কণমানিজনীৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহ উদ্ধাৰৰ পাচত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Friends Missing While Swimming In Manas National Park : হৃদয় বিদাৰক! বেঁকী নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই যুৱক, পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজনৰ মৃতদেহ