Seven Naxalites killed in encounter with security personnel in Narayanpur district : ছত্তীশগড়ত আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলী; নিহত ২ গৰাকী মহিলাসহ মুঠ ৭গৰাকী নক্সালবাদী
নেশ্যনেল ডেস্ক,৩০এপ্ৰিল : পুনৰ ছত্তীশগড়ৰ নক্সাল প্ৰভাৱিত বস্তাৰ সংমণ্ডলৰ নাৰায়ণপুৰ জিলাত আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলী ৷ নাৰায়ণপুৰ জিলাৰ আবুঝ্মাদৰ অন্তৰ্গত টেকমেটাৰ সমীপৰ ছত্তীশগড়-মহাৰাষ্ট্ৰ সীমান্ত অঞ্চলত সংঘটিত হয় এই ঘটনাটো । তথ্য অনুসৰি, এই সংঘৰ্ষত ভাৰতীয় জোৱানে ৮ জন নক্সালবাদীক হত্যা কৰে(Seven Naxalites killed in encounter with security personnel in Narayanpur district) ।
বাষ্টাৰ আই জি সুন্দৰৰাজ পিয়ে জনোৱা অনুসৰি , এই গুলীয়াগুলীত ৭ জন নক্সালবাদী নিহত হয় । ইতিমধ্যে ঘটনাস্থলীৰ পৰা ২ গৰাকী মহিলাসহ মুঠ ৭গৰাকী নক্সালবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে ।
প্ৰাপ্ত খবৰ অনুসৰি, বাষ্টাৰ আই জি সুন্দৰৰাজ পিৰ পৰা নাৰায়ণপুৰৰ এছ পি প্ৰভাত কুমাৰে এই এনকাউণ্টাৰ ঘটনাৰ ওপৰত চকু ৰাখিছে । লগতে বহু ঠাইত নক্সালবাদীক সৈনিকে ঘেৰাও কৰিছে ।
জানিব পৰা মতে, নিৰাপত্তাৰক্ষী বাহিনীৰ লোকে আবুঝামদৰ বনাঞ্চলত তালাচী অভিযানত নামি পৰিছিল । তেতিয়াই জোৱান আৰু নক্সালবাদীৰ মাজত এই মুখামুখি সংঘৰ্ষ সংঘটিত হয় ।
এই গুলীয়াগুলীত জোৱানৰ হাতত মুঠ ৭ জন নক্সালবাদী নিহত হৈছে বুলি জানিব পৰা গৈছে । ইতিমধ্যে জোৱানসকলে উক্ত স্থানৰ পৰা বিপুল পৰিমাণৰ নক্সালীয় সামগ্ৰীৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : ONGC gas pipeline bursts in Sonari : সোণাৰিৰ দিচাংপানীত ONGC ৰ পাইপ ফুটি গেছ নিৰ্গত