Tragic Accidents in Nazira : তীব্ৰবেগী বাইকে মহতিয়াই নিলে পথচাৰীক; নিহত এজন,আহত বাইক আৰোহী

নিউজ ডেস্ক, ২৯এপ্ৰিল : তীব্ৰবেগী বাইকে মহতিয়াই নিলে পথচাৰীক । ফলত থিতাতে নিহত পথচাৰী,গুৰুতৰভাৱে আহত বাইক আৰোহী(Tragic Accidents in Nazira) ।
নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে নিশা নাজিৰাৰ নামতি দিশৰ পৰা গৈ থকা AS 03 AK 1637 নাম্বাৰৰ পালচাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই মহতীয়াই নিয়ে প্ৰায় 50 বছৰ উৰ্দ্ধৰ এজন ব্যক্তি। ফলত থিতাতে নিহত হয় ব্যক্তিজন । নিহত ব্যক্তিজন মনিৰাম নেওগ ,ঘৰ বাঁহগড়া বুলি জানিব। ইফালে এই ভয়ংকৰ ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী লক্ষ্মীনাথ সোণোৱাল নামৰ লোকজন।
এই ভয়ংকৰ দুৰ্ঘটনাটো হোৱাৰ পিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ বাইক আৰোহী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বৰ্তমান ব্যক্তিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।