STF Bust Drug Worth 12 Crore in Khanapara : মহানগৰীত জব্দ প্ৰায় ১২কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী;আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক,২৯এপ্ৰিল : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । এইবাৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ হেৰ’ইন ।
ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(STF Bust Drug Worth 12 Crore in Khanapara, 2 Peddlers Held)। পুনৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ হেৰ’ইন। এ পি এছ চি কাৰ্যালয়ৰ সন্মুখত জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন।জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ১২ কোটি টকা বুলি জানিব পৰা গৈছে । এ এছ ০১ এফ এন ০৭৩৩ নম্বৰৰ ৱাগনাৰখনৰ পৰা জব্দ কৰা হয় এই হেৰ’ইনখিনি।
জানিব পৰা মতে, প্ৰায় ১.৫ কেজি ওজনৰ হেৰ’ইনখিনি কঢ়িয়াই আনিছিল দুজন ব্যক্তিয়ে। জামাল আলি আৰু চেলিমুদ্দিন নামৰ ব্যক্তি দুজনে সৰবৰাহ কৰিছিল হেৰ’ইনখিনি। সেই সময়তে এছ টি এফ বাহিনীয়ে আটক কৰে দুই ব্যক্তিক(STF Bust Drug Worth 12 Crore in Khanapara) ।
জানিব পৰা মতে, ত্ৰিপুৰা আৰু মণিপুৰৰ পৰা বিশাল পৰিমাণৰ হেৰ’ইন অনাৰ তথ্য আছিল এছ টি এফৰ। এই তথ্যৰ ভিত্তিতে এই অভিযানৰ নেতৃত্ব দিছিল এছ টি এফৰ মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকে।