Local, Vocal, Global

girl found dead in room after returning from bihu program : বিহু চাই আহি ঘৰৰ ভিতৰত চিপ লৈ আত্মহনন যুৱতীৰ

নিউজ ডেস্ক,২৮এপ্ৰিল : বিহু চাই আহি ঘৰৰ ভিতৰত চিপ লৈ আত্মহনন যুৱতীৰ ।

মৰাণৰ ১ নং ডোমৰ দলং গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনাৰ। শুকুৰবাৰে নিশা বিহু চাই আহি ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।

ঘটনা অনুসৰি,শনিবাৰে নিশা যুৱতীগৰাকীয়ে বিহু চাবলৈ গৈছিল আৰু নিশা বিহু চাই ঘৰলৈ অহাৰ পিছতে মাতৃ আৰু ভাতৃয়ে চিপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে হুৱা-দুৱা লাগে পৰিয়ালৰ মাজত। যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত কাৰণতে চৰম পথ লোৱা বুলি সন্দেহ কৰা হৈছে(girl found dead in room after returning from bihu program)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে মৰাণ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত যুৱতীগৰাকীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ জানিব পৰা হোৱা নাই যুৱতী গৰাকীৰ মৃত্যুৰ কাৰণ ।

লগতে পঢ়ক : storm lash several places in charaideo : চৰাইদেউত মাজনিশা ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ;নিহত মহিলা