Local, Vocal, Global

MLA terash gowalla Admitted in Apollo Hospital in Chennai : অসুস্থ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা

নিউজ ডেস্ক,২৭ এপ্ৰিল : অসুস্থ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা । চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা( MLA terash gowalla Admitted in Apollo Hospital in Chennai ) ।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত আছিল বিধায়কগৰাকী তাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ২৪ এপ্ৰিলত চেন্নাইৰ এপ’ল’ হাস্পতালত ভৰ্তি হয় ৷

জানিব পৰা মতে, চেন্নাইৰ এপ’ল’ হাস্পতালত জ্যেষ্ঠ চিকিৎসক ইউৰ’লজিষ্ট ড৹ নিতেশ জৈনৰ অধীনত বৰ্তমান চিকিৎসাধীন হৈ চিকিৎসা গ্ৰহণ কৰি আছে বিধায়ক গৰাকীয়ে ।

প্ৰস্ৰাৱৰ সংক্ৰমনজনিত সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছিল বিধায়কগৰাকী ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বহুদিনৰ পৰা বিধায়কগৰাকীয়ে প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগি আছিল যদিও এটা মাহ লোকসভা নিৰ্বাচনত দিনে-নিশাই ব্যস্ত হোৱাৰ পাছতেই সমস্যা অধিক জটিল হৈ পৰে( MLA terash gowalla Admitted in Apollo Hospital in Chennai ) ।

লগতে পঢ়ক : Mamata Banerjee slips and falls while boarding helicopter : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আঘাতপ্ৰাপ্ত