Local, Vocal, Global

Teen BJP Worker Found Hanging : পশ্চিমবংগত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বিজেপি কৰ্মীৰ মৃতদেহ

নিউজ ডেস্ক,২৭ এপ্ৰিল : দেশত চলি আছে লোকসভা নিৰ্বাচন । দেশত দ্বিতীয় পৰ্যায়ৰ ভোটদান পৰ্ব চলি থকাৰ মাজতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা ।

শুকুৰবাৰে পশ্চিমবংগৰ পূব মেদিনীপুৰ জিলাত উদ্ধাৰ এগৰাকী যুৱকৰ মৃতদেহ । পাণ ৰখা এটা গুদামত ওলমি থকা অৱস্থাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো(Teen BJP Worker Found Hanging In West Bengal’s Moyna) ।

জানিব পৰা মতে,উদ্ধাৰ হোৱা মৃতদেহটো বিজেপি কৰ্মী দীনবন্ধু মিদ্যাৰ বুলি আৰক্ষীয়ে চিনাক্ত কৰে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, ১৮বছৰীয়া বিজেপি কৰ্মী দীনবন্ধুক কোনোৱে হত্যা কৰিছে আৰু আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে বুলি সন্দেহ কৰে(Teen BJP Worker Found Hanging)।

এই ভয়ংকৰ ঘটনাটো পোহৰলৈ অহাৰ পিছতে একাংশ লোকে প্ৰতিবাদ কৰে আৰু চৰকাৰ বিৰোধী শ্ল’গান দিয়ে।

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত মৃত দীনবন্ধুৰ মাতৃয়ে কয় – “বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল দীনবন্ধু। টিএমচিৰ কেইজনমান সদস্যই ভাবুকি দিছিল বুলিও উল্লেখ কৰে দীনবন্ধুৰ মাতৃয়ে ।”

দুৰ্ভগীয়া মাতৃয়ে এই ঘটনা সন্দৰ্ভত উচিত তদন্ত বিচাৰি চি বি আইৰ কাষ চপাৰ কথাও উল্লেখ কৰে।

লগতে পঢ়ক : Two CRPF personnel killed in Kuki militant attack : হিংসাজৰ্জৰ মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত মৃত্যু CRPF জোৱানৰ