Local, Vocal, Global

Assam’s Army soldier dies on duty in jharkhand : নিৰ্বাচনী দায়িত্বত নিয়োজিত CRPF জোৱানৰ মৃত্যু

নিউজ ডেস্ক,২৭এপ্ৰিল : নিৰ্বাচনী দায়িত্বত নিয়োজিত CRPF জোৱানৰ মৃত্যু । বহিঃ ৰাজ্যত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ বীৰ সেনা জোৱানৰ। বাক্সা জিলাৰ মুছলপুৰৰ CRPF জোৱানৰ কৰ্তব্যৰত অৱস্থাত বহিঃ ৰাজ্যত মৃত্যু ঘটে। ছত্তীশগড়ত কৰ্মৰত অৱস্থাত মৃ্ত্যু অসম মাতৃৰ বীৰ সেনা জোৱান চন্দন ডেকাৰ(Assam’s Army soldier dies on duty in jharkhand)।

উল্লেখ্য যে, চত্তিশগড়ত চিআৰপিএফত কৰ্মৰত আছিল বাক্সাৰ মুছলপুৰৰ চন্দন ডেকা নামৰ যুৱকজন। চত্তীশগড়ৰ কাচ্চেৰ কয়ল’ক হাইস্কুলৰ ৩৯নং ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ঝিটকাটোলালৈ খোজ কাঢ়ি গৈ আছিল জোৱানজন। এনেদৰে নিৰ্বাচনী কৰ্তব্য পালনৰ বাবে প্ৰায় ৫ কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ পিছত তেওঁ অস্বস্তি অনুভৱ কৰাৰ পিছতে সংজ্ঞাহীন হৈ পৰে। ইয়াৰ পিছতে তেওঁক ডাল্লী ৰাজহাৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসাধী অৱস্থাতে অকাল মৃত্যুক আঁকোৱালি ল’লে বীৰ সেনা জোৱান চন্দন ডেকাই।

শুক্ৰবাৰে শেষকৃত্য সম্পন্ন হয় বীৰ সেনা জোৱানগৰাকীৰ। CRPFৰ উচ্চ পদস্থ বিষয়া আৰু বাক্সা আৰক্ষীৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় বীৰ সন্তান চন্দন ডেকাৰ(Assam’s Army soldier dies on duty in jharkhand)।

লগতে পঢ়ক : Massive fire breaks out at Golaghat : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ