Local, Vocal, Global

Massive fire breaks out at Golaghat : বিধ্বংসী অগ্নিকাণ্ড; অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

নিউজ ডেস্ক,২৭ এপ্ৰিল : বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ।

শুকুৰবাৰে গোলাঘাট নগৰৰ পূব আমোলাপট্টি অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ(Massive fire breaks out at Golaghat) ।

জানিব পৰা মতে, পূব আমোলাপট্টি হামদৈ হোটেলৰ প্ৰায় সন্মুখত থকা স্বপ্নালী বৰা নামৰ লোকজনৰ বাসগৃহত জুই সূত্ৰপাত হয়।এই জুই ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে আৰু কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয় আৰু বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত জাহ যায়(Massive fire breaks out at Golaghat )।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ জুইৰ উমান পাই ওচৰ চুবুৰীয়াই ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগতে জুই নিৰ্বাপিত কৰাৰ চেষ্টা কৰে যদিও ব্যৰ্থ হয়। পাছত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও বাসগৃহটোৰ এটাও সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয়।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ ।

লগতে পঢ়ক : Lok Sabha Election 2024 : বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে