Local, Vocal, Global

Massive fire breaks out at Sonapur : সোণাপুৰত বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

নিউজ ডেস্ক,২৩ এপ্ৰিল : সোণাপুৰৰ ডিগাৰুৰ ঘগুৱা গাঁৱত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত ভস্মীভূত সন্ধ্যা ডেকা নামৰ এজন লোকৰ বাসগৃহ(Massive fire breaks out at Sonapur)।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপণ হয় জুই। শ্বৰ্টচাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও বহু পলমকৈ অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছিল(Massive fire breaks out at Sonapur)।

লগতে পঢ়ক : Guwahati youth missing : গুৱাহাটী মহানগৰীৰ জয়ানগৰৰ পৰা সন্ধানহীন এজন লোক