Guwahati youth missing : গুৱাহাটী মহানগৰীৰ জয়ানগৰৰ পৰা সন্ধানহীন এজন লোক
নিউজ ডেস্ক,২৩ এপ্ৰিল : পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ লোক । এইবাৰ গুৱাহাটী মহানগৰীৰ জয়ানগৰৰ পৰা সন্ধানহীন এজন লোক(Guwahati youth missing)।
সন্ধানহীন লোকজন জাহিদ খান ওৰফে দাৰা বুলি জানিব পৰা গৈছে । সোমবাৰৰ বিয়লিৰ পৰা সন্ধানহীন হৈ আছে লোকজন ।
জানিব পৰা মতে, সোমবাৰে বিয়লি পায় ৩.৩০বজাত ঘৰৰ পৰা ওলাই গৈছিল জাহিদ খান নামৰ লোকজনে।ওলাই যাওঁতে ঘৰত এৰি থৈ গৈছিল নিজৰ মোবাইল ফোন আৰু এখন চিঠি। কিছুদিনৰ পৰা পাৰিবাৰিক সমস্যা, মানসিক অশান্তিত ভুগি আছিল জাহিদ খান।
কোনোলোকে সন্ধানহীন লোকজনৰ সন্ধান পালে ৭০০২৩৯৮২৭৫নম্বৰত জনাবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ।