Woman goes missing : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা; চেঙাৰ নিৰুদ্দেশ মহিলা
নিউজ ডেস্ক,২৩ এপ্ৰিল : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Woman goes missing)।
পুনৰ মহিলা নিৰুদ্দেশ । এইবাৰ চেঙাৰ ভাতনাপাইতি গাঁৱত এগৰাকী মহিলাৰ নিৰুদ্দেশক লৈ চাঞ্চল্য। নিৰুদ্দিষ্ট মহিলা গৰাকী শ্বাহিদা বেগম বুলি জানিব পৰা গৈছে ।পৰিয়ালৰ লোকৰ সন্দেহ অনুসৰি শ্বাহিদা বেগম নাৰী দেহ ব্যৱসায়ীৰ কবলত পৰিছে ।
জানিব পৰা মতে, আছমা খাতুন নামৰ এগৰাকী মহিলাৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল শ্বাহিদা। দীৰ্ঘদিনৰ পৰা আছমা খাতুনে একাংশ দৰিদ্ৰ মহিলাক কাম দিয়াৰ ছলেৰে বহিঃৰাজ্যত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে(Woman goes missing)।
লগতে পঢ়ক : Fire Engulfs Fancy Bazar : মহানগৰীৰ ফাঁচি বজাৰত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্রী