Fire Engulfs Fancy Bazar : মহানগৰীৰ ফাঁচি বজাৰত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্রী
নিউজ ডেস্ক,২৩ এপ্ৰিল : মহানগৰীৰ ফাঁচি বজাৰত বিধ্বংসী অগ্নিকাণ্ড। মঙলবাৰে পুৱাই মহানগৰীৰ ফাঁচি বজাৰত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো । এখন পাটৰ কাপোৰৰ দোকানত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। সকলোৰে পৰিচিত চিল্কালয়ত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডত ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সামগ্রী(Fire Engulfs Fancy Bazar)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছে।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ(‘Silkalay’ Among Several Shops Gutted) ।