Farmer in debt commits suicide : ঋণৰ বাবে আত্মহত্যা কৃষকৰ
নিউজ ডেস্ক,২২ এপ্ৰিল : দেশত পুনৰ কৃষকৰ আত্মহত্যা । ২০২৩ চনৰ ভিতৰত দেশৰ কৃষকৰ উপাৰ্জন দুগুন কৰাৰ প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী মোডীয়ে । ২০২০ চনত প্ৰদানমন্ত্ৰী মোডীয়ে প্ৰতিশ্ৰুতি দিছিল যদিও কৃষকসকলৰ দূৰ্দশা পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে কৃষকৰ । দেশত কৃষকৰ আত্মহত্যা । শস্য নষ্ট হোৱাৰ বাবে আত্মহত্য়াৰ পথ বাছি লয় কৃষকে(Farmer in debt commits suicide)।
এইবাৰ ঋণ পৰিশোধ কৰিব নোৱাৰি চৰম পন্থা গ্ৰহণ কৰিলে ৰাজ্যৰ এগৰাকী কৃষকে ৷ বৰপেটা জিলাৰ মন্দিয়াৰ সমীপৰ সত্ৰকণৰাৰ সংঘটিত হৈছে এই অঘটনটো ।
জানিব পৰা মতে,কৃষক নুৰ মহম্মদয়ে প্ৰায় ২৫ লক্ষাধিক টকা সূতত তথা ঋণলৈ সত্ৰকণৰাৰ প্ৰায় ৭০ বিঘা বিশাল কৃষিভূমিত আলু আৰু তিয়ঁহৰ খেতি কৰিছিল ।
কিন্তু কৃষক নুৰ মহম্মদে কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টেৰে আলু আৰু তিয়ঁহৰ উৎপাদন কৰিছিল যদিও সেই শস্যৰ উচিত মূল্য নাপালে বজাৰত ফলত কৃষকগৰাকীয়ে হতাশাত ভুগিছিল । ইয়াৰ লগতে, সূত আৰু ঋণৰ টকা উভতাই দিবলৈ ঋণ প্ৰদান কৰা লোকসকলে নুৰ মহম্মদক হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ কিন্তু ঋণৰ টকা উভতাই দিবলৈ দুৰ্ভগীয়া কৃষকজনৰ হাতত নাছিল টকা ।
এই হেঁচাৰ পৰা পৰিত্ৰাণ বিচাৰি নিজৰ বাইদেউৰ ঘৰলৈ আহিছিল নুৰ । অৱশ্যে তাৰ পিচতো ঋণ দিয়া লোকসকলে কৃষক নুৰ মহম্মদৰ ম’বাইল ফোনত ফোন কৰি টকা উভতাই বিচাৰি হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ এইবোৰ কাৰণতে হতাশাত ভুগি বাক্সাৰ গোবিন্দপুৰত অৱস্থিত বায়েকৰ ঘৰত চীপজৰীলৈ আত্মহত্যা কৰে(Farmer in debt commits suicide) ৷
কৃষকগৰাকীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ জিলাখনতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনকি ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নয়নত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ তুলিছে বহুতে ।
লগতে পঢ়ক : Missing Man Found Buried in Sonitpur : গাঁতত পুতি থোৱা অৱস্থা উদ্ধাৰ মৃতদেহ