Local, Vocal, Global

Memphis shooting : ব্লক পাৰ্টিত ভয়ংকৰ গুলীচালনাৰ ঘটনা;নিহত ২জন, আহত ১৪জন

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ এপ্ৰিল : চি এন এনৰ এক প্ৰতিবেদন অনুসৰি টেনেচীৰ মেমফিছৰ এখন উদ্যানত এটা ব্লক পাৰ্টি মাৰাত্মক হৈ পৰাৰ পিচত দুজন লোক নিহত হোৱাৰ লগতে আন ১৪ জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(2 dead, 14 hospitalised after Block Party turns deadly) ৷

মেমফিছ আৰক্ষীৰ মতে, শনিবাৰে সংঘটিত হয় এই ঘটনাটো । এই ঘটনাত আহত সকলৰ ভিতৰত তিনিজনক ততাতৈয়াকৈ গুৰুতৰ অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু আন ১১ জন ব্যক্তিগত বাহনেৰে চিকিৎসালয়ত উপস্থিত হয়(Memphis shooting) ৷

চি এন এনৰ মতে- আৰক্ষীয়ে কয় যে গুলীচালনা এটা পাৰ্টিত সংঘটিত হৈছিল য’ত প্ৰায় ৩০০ জন সমবেত হৈছিল ৷ এখন সংবাদমেল সম্বোধন কৰি আৰক্ষীয়ে প্ৰকাশ কৰে যে “অনুষ্ঠানটোত মুঠ ১৬ জনক গুলীওৱা হৈছিল ৷”

চি এন এনৰ মতে, স্থানীয় সময় অনুসৰি শনিবাৰে সন্ধিয়া প্ৰায় ৭.১৯ বজাত আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈছিল আৰু আৰক্ষীয়ে পাঁচজন ভুক্তভোগীক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰিছিল ৷ তেওঁলোকৰ তিনিজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু ঘটনাস্থলীত দুজন লোকক মৃত ঘোষণা কৰা হৈছিল ৷

আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰৰ নিশালৈকে কোনো সন্দেহজনক ব্যক্তিক জিম্মাত লোৱা নছিল ৷ অনুষ্ঠানটোত কমেও দুজন লোকে গুলীচালনা কৰিছিল বুলি মেমফিছ আৰক্ষী প্ৰধান চেৰিলিন ডেভিছে কয় ৷ কিন্তু কি কাৰণে এই ঘটনা সংঘটিত হ’ল সেয়া জানিব পৰা হোৱা নাই ৷

ইয়াৰ পিচত, ডেভিছে শনিবাৰে সন্ধিয়া কয় “আমি আজি ৰাতি এই গুলীচালনাত জড়িত ব্যক্তিসকলক চিনাক্ত কৰিবলৈ লাগি আছোঁ ৷” ইতিমধ্য গুলীচালনাৰ ঘটনাৰ তদন্ত চলি আছে ৷

ডেভিছে কয় যে আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ভিডিঅ’ ফুটেজ লাভ কৰিছে আৰু দোষীক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷ ডেভিছে ঘটনাটোৰ ফুটেজ বা তথ্য থকা যিকোনো লোকক আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈয়ো আহ্বান জনায় ৷

গান ভায়োলেন্স আৰ্কাইভৰ মতে, এই মাৰাত্মক ঘটনাটোৱে এই বছৰ এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হোৱা 115 টাতকৈও অধিক গণ গুলীচালনাৰ তালিকা প্ৰসাৰিত কৰিছে ৷

লগতে পঢ়ক : Cop Found Dead Under Mysterious Circumstances : গোলাঘাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ