Local, Vocal, Global

Hike in potato prices : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ দাম বৃদ্ধিৰ মাধমাৰ।

নিউজ ডেস্ক,২২ এপ্ৰিল : ৰাইজক মাধমাৰ দিবলৈ সাজু শাসনাধিষ্ঠ চৰকাৰ,পুনৰ বাঢ়িল আলুৰ দাম । জনতাৰ ওপৰত চৰকাৰৰ আন এক মাধমাৰ। ইতিমধ্যেই মুদ্ৰাস্ফিতীয়ে কোঙা কৰি তোলা জনতাৰ সমস্যা ই দুগুণ কৰি তুলিব(Hike in potato prices ) ।

জনতাৰ মূৰত মাধমাৰ শোধাই এইবাৰ বৃদ্ধি হ’ল আলুৰ দাম। নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ দাম বৃদ্ধিৰ মাধমাৰ। ২০ টকীয়া আলু হৈছেগৈ ৩০ টকা(Hike in potato prices )।

খুচুৰা বজাৰত প্ৰতিকেজি আলুত ৫-১০ টকাকৈ বৃদ্ধি। এসপ্তাহৰ ব্যৱধানত বৃদ্ধি পাইছে আলুৰ দাম। বহিঃৰাজ্যৰ পৰা আমদানিকৃত আলুৰ দাম বাঢ়িল ১০ টকা পৰ্যন্ত।

লগতে পঢ়ক : Lok Sabha election: আজি পুনৰ মণিপুৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ