Sensational Incident : ডিঙি কাটি হত্যা ৬০ বছৰীয়া বৃদ্ধক
নিউজ ডেস্ক,২২ এপ্ৰিল : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ ডিগবৈত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
পশ্চিম কাৰ্বি আংলঙত নৃশংস হত্যাকাণ্ড। ডিঙি কাটি ৬০ বছৰীয়া বৃদ্ধক হত্যা দুৰ্বৃত্তৰ। ৰুষ্টম টিছ’ নামৰ বৃদ্ধগৰাকীক হত্যা দুৰ্বৃত্তৰ।
জানিব পৰা মতে, ASDCৰ নিৰ্বাচনী সভাৰ পৰা ওভতাৰ পথত সংঘটিত হয় এই হত্যাকাণ্ড। জেংখাৰ ঠেপলিৰাম গাঁৱত সংঘটিত হৈছে এই নৃশংস ঘটনাটো।এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।