Local, Vocal, Global

Assam govt issues guidelines on reduction of weight of school bags in state : শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিলে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন

নিউজ ডেস্ক, ২২এপ্ৰিল : অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ ।

শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিলে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন(Assam government issues directive on reduction of weight of school bags in state)।

কোন শ্ৰেণীৰ শিক্ষাৰ্থীয়ে কিমান কেজি ওজনৰ স্কুল বেগ লৈ যাব তাক লৈ জাৰি কৰিলে নিৰ্দেশনা(Assam govt issues guidelines on reduction of weight of school bags in state)।

শিক্ষা বিভাগে প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী অনুসৰি স্কুল বেগৰ সৰ্বাধিক ওজন ডেৰ কেজিৰ পৰা ৫ কেজিলৈ নিৰ্ধাৰণ কৰিছে।

সেই অনুসৰি প্ৰথম শ্ৰেণীৰ পৰা দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ সৰ্বাধিক ওজন হ’ব লাগিব ১.৫ কেজিৰ ভিতৰত৷

তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন হ’ব লাগিব ২-৩ কেজি৷

ষষ্ঠ শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন ৪ কেজি।

অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন সৰ্বাধিক ৪.৫ কেজি।

দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সৰ্বাধিক ওজন ৫ কেজি নিৰ্ধাৰণ কৰিছে৷

বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীক নিৰ্ধাৰিত ওজনতকৈ অধিক ওজনৰ কিতাপ, বহী তথা শৈক্ষিক সামগ্ৰী ভৰ্তি স্কুল বেগৰ বোজা কঢ়িয়াবলৈ বাধ্য কৰোৱাব নোৱাৰিব বুলিও স্পষ্ট কৰি দিছে নিৰ্দেশনাত।