HSLC exam result 2024 : মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ’ল তিনি যমজ সন্তান

গেলেকী,২১ এপ্ৰিল : মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ তিনি যমজ সন্তান। ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ছেবাই নতুন অভিলেখেৰে মাত্ৰ ৪৫ দিনৰ ভিতৰতে ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । ফলাফল ঘোষণাৰ পিছতে ৰাজ্যৰ চৌদিশে ব্যাপক আনন্দ উল্লাস(HSLC exam result 2024) ।
এই কৃতিত্ব উল্লাসৰ মাজতে উজলিল তিনি যমজ সন্তান। নাজিৰাৰ গেলেকীৰ চৈয়দ চাকিবুৰ ৰহমান আৰু মাতৃ জিন্নাত আফ্ৰোজাৰ তিনি যমজ সন্তানে গেলেকীলৈ কঢ়িয়াই আনিলে গৌৰৱ । গেলেকী আদৰ্শ বিদ্যাপীঠত অধ্যয়নৰত চৈয়দ ফাৰহান তনবীৰ , আৰফাত তনবীৰ আৰু চৈয়দা চেয়ষ্টা তনবীৰা ৰহমানে লেটাৰ মাৰ্ক সহ সুখ্যাতিৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে । যাক লৈ উফুল্লিত হৈ পৰে পৰিয়াল বৰ্গ।
উল্লেখযোগ্য যে এই তিনিগৰাকী পৰীক্ষাৰ্থীয়ে একেদিনাই যমজ সন্তান ৰূপে জম্ম গ্ৰহণ কৰিছিল আৰু একেলগে বিদ্যালয়ত অধ্যয়ন কৰা সমান্তৰালকৈ অৱতীৰ্ণ হৈছিল মেট্ৰিক পৰীক্ষাত ।
শেহতীয়াকৈ ঘোষণা কৰা ফলাফলত তিনিও যমজ সন্তানে সু খ্যাতিৰে উত্তীৰ্ণ হোৱাত আনন্দত আত্ম-প্ৰকাশ কৰিছে পিতৃ মাতৃয়ে। আনহাতেএই তিনি গৰাকী যমজ সন্তানৰ সাফল্যত বিদ্যালয়ৰ কৰ্তৃপক্ষও বিশেষভাৱে তিনিওকে শলাগ লৈ অন্য কৃতি শিক্ষাৰ্থী সকলকো অভিনন্দন জনায়(HSLC exam result 2024)।
লগতে পঢ়ক : Assam Rifles jawan killed : দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষী জোৱানৰ মৃত্যু