Local, Vocal, Global

Royel Ahmed passed away : প্ৰাক্তন সাংবাদিক, জনসংযোগ বিষয়া ৰয়েল আহমেদৰ দেহাৱসান

নিউজ ডেস্ক,২১ এপ্ৰিল : প্ৰাক্তন সাংবাদিক, জনসংযোগ বিষয়া ৰয়েল আহমেদৰ দেহাৱসান(Royel Ahmed passed away)।

শনিবাৰে নিশা কলিকতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটে প্ৰাক্তন সাংবাদিক গৰাকীৰ । প্ৰয়াত আহমেদ বহু দিন ধৰি স্নায়ু ৰোগতো আক্ৰান্ত হৈ আছিল।

প্ৰয়াত ৰয়েল আহমেদৰ শেষকৃত্য কলিকতাতে সম্পন্ন কৰা হব বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ । বিশিষ্ট সাংবাদিক তথা দায়িত্বশীল বিষয়া গৰাকীৰ মৃত্যুত কামপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে(Royel Ahmed passed away) ।

মৃত্যুৰ খবৰ পোৱা মাত্ৰকে যথেষ্ট সংখ্যক গুণমুগ্ধ তেওঁৰ কামপুৰস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে । ৰয়েল আহমেদৰ মৃত্যুত একালৰ সতীৰ্থ সাংবাদিক প্ৰণয় বৰদলৈ, হীৰেন শইকীয়া, কামপুৰ উন্নতি সাধিনী সভা, কামপুৰ প্ৰেছ ক্লাৱকে আদি কৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে । মৃত্যুৰ সময়ত আহমেদে পত্নীসহ এগৰাকী কন্যা ইহ্ সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক : Woman ‘murdered’ On Suspicion Of Witchcraft : ডাইনী সন্দেহত মাজবাটত লোমহৰ্ষক হত্যাকাণ্ড