Local, Vocal, Global

Woman ‘murdered’ On Suspicion Of Witchcraft : ডাইনী সন্দেহত মাজবাটত লোমহৰ্ষক হত্যাকাণ্ড

নিউজ ডেস্ক, ২১ এপ্ৰিল : মানুহে এফালে উন্নতিৰ দিশত আগবাঢ়িছে যদিও সমাজ এতিয়াও অন্ধবিশ্বাসৰ পৰা যেন মুক্ত হ’ব পৰা নাই। অন্ধবিশ্বাসৰ ফলত বহু অমানৱীয় ঘটনা সংঘটিত হোৱাৰ খবৰে এতিয়াও মানুহৰ মানসিকতা যেন বহু পিছ পৰি আছে তাকেই প্ৰতিফলন কৰে।

বিভিন্ন সময়ত অন্ধবিশ্বাসৰ বলী হৈ বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে। ইয়াৰে ভিতৰত ডাইনী হত্যা এক অতি চিন্তনীয় বিষয় হৈ পৰিছে। ২১ শতিকাতো ডাইনীৰ সন্দেহত কোনো মহিলাক সমাজ এখনে অতি নিৰ্মমভাৱে হত্যা কৰাৰ দৰে ঘটনা ঘটি থকা দেখিবলৈ পোৱা যায়। কিন্তু ইয়াৰ বিৰুদ্ধে দেশৰ আইন ব্যৱস্থা কঠোৰ হৈছে।

বিজ্ঞান যুগৰ এই সময়তে মাজবাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। আধুনিকতাৰ এই একবিংশ শতিকাতো মানুহে অন্ধবিশ্বাসৰ বলি হৈ কিমান বৰ্বৰ হ’ব পাৰে তাৰেই এক নিদৰ্শন দাঙি ধৰিলে মাজবাটৰ লামাবাৰী টিক্ৰিতোলা ফৰেষ্ট গাঁও ২নং ৰূপাজুলিৰ হত্যাকাণ্ডই(Woman ‘murdered’ On Suspicion Of Witchcraft)।

জানিব পৰা মতে, মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লামাবাৰী টিক্ৰিতোলা ফৰেষ্ট গাঁও ২নং ৰূপাজুলিৰ ৰামু গোড়ৰ পত্নী বিৰশ গোড়(৫৫)নামৰ মহিলাগৰাকীক শুকুৰবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে। আনহাতে মহিলাগৰাকীৰ স্বামী ৰামু গোড় (৬০)গুৰুতৰভাৱে আহত হয়।

উল্লেখ্য যে শনিবাৰে পুৱা আহত ৰামু গোড়ৰ পুত্ৰ জিবিয়ান গোড়ে যেতিয়া মাক দেউতাকক বাৰম্বাৰ মাত দিয়াৰ পাছতো মাত নোপোৱাত দুৱাৰ খুলি পুত্র জিবিয়ানে দুয়োজনকে তেজেৰে তুমৰলিহৈ পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে পৰিয়ালৰ লোকে স্থানীয় লালপানী আৰক্ষী চকীত খবৰ দিয়ে।আৰক্ষীয়ে খবৰ পোৱাৰ পাছতে ওদালগুৰি জিলা আৰক্ষী অধীক্ষক আৰু মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে আজি ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Woman ‘murdered’ On Suspicion Of Witchcraft )।

আনফালে আহত ৰামু গোড়ক মুমুর্ষ অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।এই লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দেহত মাজবাট আৰক্ষীয়ে তদন্তৰ বাবে তিনিজন লোকক আটক কৰি সোধা-পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এই ঘটনাত গাঁৱবাসীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

লগতে পঢ়ক : BJP candidate from UP’s Moradabad Kunwar Sarvesh Singh passes away : প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছদিনাই মৃত্যু বিজেপিৰ প্ৰাৰ্থীৰ