Local, Vocal, Global

Actor Pankaj Tripathi’s brother-in-law dies in road accident : বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ ভগ্নীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীৰ ভগ্নীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত মৃত্যু পংকজ ত্ৰিপাঠীৰ ভনীজোঁৱায়েক ৰাকেশ তিৱাৰীৰ । আনহাতে আহত হয় ভগ্নী সবিতা তিৱাৰী ।

শনিবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । শনিবাৰে বিয়লি ঝৰখণ্ডৰ ধানবাদত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।

জানিব পৰা মতে,শনিবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত বিহাৰৰ পৰা পশ্চিমবংগলৈ যাত্ৰা কৰি আছিল দম্পত্তিহালে । সেই সময়তে দিল্লী-কলকাতা ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰে বাহনখনে। ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা । এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ততাতৈয়াকৈ দম্পত্তিহালক ধানবাদৰ শ্বাহিদ নিৰ্মল মাহটো চিকিৎসা মহাবিদ্যলয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে ৰাকেশ তিৱাৰীক মৃত বুলি ঘোষণা কৰে(Actor Pankaj Tripathi’s brother-in-law dies in road accident) ।

ইফালে পংকজ ত্ৰিপাঠীৰ ভগ্নী বিপদমুক্ত যদিও বৰ্তমানেও চিকিৎসধীন অৱস্থাত আছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৰাকেশ তিৱাৰীয়ে নিজে গাড়ীখন চলাই আহিছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ বিভাজকক খুন্দা মাৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ(Actor Pankaj Tripathi’s brother-in-law dies in road accident, sister injured) ।

লগতে পঢ়ক : Gurugram Wall Collapse : হাৰিয়ানাত শ্মশানৰ দেৱাল ভাঙি শিশুসহ মৃত্যু ৪জনকৈ লোকৰ