Gurugram Wall Collapse : হাৰিয়ানাত শ্মশানৰ দেৱাল ভাঙি শিশুসহ মৃত্যু ৪জনকৈ লোকৰ
নেশ্যনেল ডেস্ক,২১ এপ্ৰিল : হাৰিয়ানাৰ গুৰুগ্ৰামতো সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ হাৰিয়ানাত শ্মশানৰ দেৱাল ভাঙি শিশুসহ মৃত্যু ৪জনকৈ লোকৰ ৷লগতে আহত হয় বহু লোক(Gurugram Wall Collapse) ।
সামজিক মাধ্যমক এই ভয়ংকৰ ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে ।
ভিডিঅ’টোত দেখা অনুসৰি,হাৰিয়ানাৰ গুৰুগ্ৰামৰ অৰ্জুন নগৰত একাংশ লোকক শ্মশানত থকা প্ৰায় ১৫ ফুট ওখ বেৰৰ কাষত বহি থকা দেখা পোৱা গৈছে ।তাৰ পিছতে হঠাৎ দেৱালখন বহি থকা মানুহবোৰৰ ওপৰত বাগৰি পৰে(Four, including minor girl killed, and two injured in Gurugram crematorium wall collapse)।
ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে দেৱালখনৰ তলত আৱদ্ধ হোৱা লোকসকলক উদ্ধাৰ কৰিবলৈ অভিযান আৰম্ভ কৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ।আৰক্ষী ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষী প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু ধ্বংসাৱশেষৰ তলত থকা লোকসকলক উদ্ধাৰ কৰে । ইয়াৰ পিচত এক্সেভেটৰৰ সহায়ত ধ্বংসাৱশেষ আঁতৰাই পেলোৱা হয় ।
জানিব পৰা মতে, হাজাৰ হাজাৰ টন কাঠ দেৱালবোৰৰ কাষত ৰখা হৈছিল । এই কাঠবোৰৰ ওজনৰ বাবে বেৰখন বেঁকা হৈ পৰিছিল । মানুহে শ্মশান সমিতিক কেবাবাৰো এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে ৷এই ঘটনাৰ পিচতে অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।